Mamata Banerjee vows to ‘fight alone’ in Lok Sabha polls : লোকসভা নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
নিউজ ডেস্ক, ২৪জানুৱাৰী : সংকটত I.N.D.I. মৰ্চা । লোকসভা নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ(Mamata Banerjee vows to ‘fight alone’ in Lok Sabha polls) ।
পশ্চিমবংগত অকলে নিৰ্বাচন খেলিব TMC-এ । I.N.D.I. মৰ্চা গঠন হোৱাৰ পিছতো অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল’লে মমতা বেনাৰ্জীয়ে । মমতা বেনাৰ্জীৰ সিদ্ধান্তত লৈ এতিয়া শলঠেগত পৰিছে I.N.D.I. মৰ্চা(Mamata rules out alliance with Congress in West Bengal) ।
বুধবাৰে কংগ্ৰেছক সমালোচনা কৰি মমতাই কয়, ‘‘কংগ্ৰেছ দলৰ সৈতে মোৰ কোনো আলোচনা কৰিব লগীয়া নাই ৷ মই সদায় কৈ আহিছোঁ যে বংগত আমি অকলেই নিৰ্বাচন খেলিম ৷ দেশৰ বাকী অংশত কি হ’ব সেই বিষয়ে মই জ্ঞাত নহয়, কিন্তু আমি ধৰ্মনিৰপেক্ষ দল আৰু পশ্চিম বংগত আমি অকলেই বিজেপিক পৰাভূত কৰিম ৷ মই ইণ্ডি মিত্ৰজোঁটৰ এটা অংশ ৷ ৰাহুল গান্ধীৰ ন্য়ায় যাত্ৰা আমাৰ ৰাজ্যৰ মাজেৰে পাৰ হৈ যাব যদিও আমাক এই সন্দৰ্ভত কোনো কথা জনোৱা নাই(TMC to fight it alone in West Bengal, says Mamata Banerjee, after failed seat-sharing talks with Congress) ৷’’
লগতে মমতাই কয়, ‘‘আমি আপোনালোকক (কংগ্ৰেছ) সমগ্ৰ দেশৰ ৩০০ খন আসনৰ বাবে প্ৰাৰ্থী মনোনীত কৰাৰ বাবে প্ৰস্তাৱ দিছিলোঁ ৷ বাকী থকা আসনসমূহ আঞ্চলিক দলৰ বাবে এৰি দিয়ক ৷ যদিও তেওঁলোকে এয়া গ্ৰহণ নকৰে তেন্তে আমি অন্য ধৰণে বুজিম ৷’’
উল্লেখ্য যে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসম অতিক্ৰম কৰি পশ্চিম বংগত প্ৰৱেশ কৰিব ৷ তাৰ ঠিক আগে আগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা এক ঘোষণাই আচৰিত কৰি তুলিছে সকলোকে(In setback for INDIA bloc, Mamata Banerjee vows to ‘fight alone’ in Lok Sabha polls) ৷
মমতাৰ এই ঘোষণাই স্বাভাৱিকতেই এটা কথা স্পষ্ট কৰি দিছে যে পশ্চিম বংগত ইণ্ডি মিত্ৰজোঁটৰ শক্তিয়ে বিশেষ কাম নিদিব ৷ কাৰণ ৰাজ্যখন শাসন কৰা তৃণমূল কংগ্ৰেছে ইণ্ডিৰ সংগ এৰি দিয়াৰ লগে লগে পশ্চিমবংগত কাজেই নিশকতীয়া হৈ পৰিব মিত্ৰজোঁট ৷ মূল যুঁজখন বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজতেই অনুষ্ঠিত হ’ব ৷
সমাগত লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এনে সিদ্ধান্তই এতিয়া ৰাজনৈতিক মহলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : Man Elephant conflict : কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ