Local, Vocal, Global

Mallikarjun Kharge receives invite for Modi’s swearing-in ceremony : আজি প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে; শপত গ্ৰহণলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক আমন্ত্ৰণ

নিউজ ডেস্ক,৯জুন : আজি তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিচত নৰেন্দ্ৰ মোদী হৈছে তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহা দেশৰ দ্বিতীয়গৰাকী ৰাজনীতিক ৷

আজি সন্ধিয়া ৭.১৫ মিনিটত নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব ৷ এই শপত গ্ৰহণ অনুষ্ঠানলৈ অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ৷

কংগ্ৰেছৰ এক বিবৃতি অনুসৰি দলৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিছে । যোৱা নিশা বিজেপি নেতা প্ৰহ্লাদ যোশীয়ে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজ্যসভাত বিৰোধী দলৰ নেতাক আমন্ত্ৰণ প্ৰদান কৰে বুলি সূত্ৰই প্ৰকাশ কৰে(Mallikarjun Kharge receives invite for Modi’s swearing-in ceremony) ।

ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে অৱগত কৰে যে প্ৰধানমন্ত্ৰী পদত নিযুক্ত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে “কেৱল আন্তঃৰাষ্ট্ৰীয় নেতা”ক আমন্ত্ৰণ জনোৱা হৈছে ৷ তেওঁ লগতে কয় যে INDIA ব্লকে আমন্ত্ৰণ লাভ কৰিলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিব । জয়ৰাম ৰমেশে কয়, ‘‘শপতগ্ৰহণৰ বাবে কেৱল আন্তঃৰাষ্ট্ৰীয় নেতাকহে আমন্ত্ৰণ জনোৱা হৈছে । আমাৰ নেতাসকলে এতিয়াও নিমন্ত্ৰণ লাভ কৰা নাই । আমাৰ ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলে যেতিয়া নিমন্ত্ৰণ লাভ কৰিব তেতিয়া আমি এই বিষয়ে চিন্তা কৰিম ।’’

লগতে পঢ়ক : Road Accident in Jamugurihat : বাইক আৰু অল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ