Local, Vocal, Global

কিন্নৰৰ খণ্ডযুদ্ধত উত্তাল মালিগাঁও

হঠাৎ এজাক কিন্নৰৰ খণ্ডযুদ্ধত উত্তাল হ’ল মালিগাঁও৷ সৃষ্টি হ’ল ভয়ংকৰ পৰিস্থিতিৰ৷ আজি দুপৰীয়া মালিগাঁৱৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা পইচা তোলা বিষয়ক কেন্দ্ৰ কৰি কিন্নৰৰ দুটা ফৈদৰ মাজত প্ৰথমতে সংঘাত আৰু শেহত ব্যাপক খণ্ডযুদ্ধৰ সূত্ৰপাত ঘটে৷ জানিব পৰা মতে অঞ্চলটোত কিন্নৰৰ এটা ফৈদে ৰে’লযাত্ৰীৰ পৰা আৰু আন এটা ফৈদে দোকান-পোহাৰ আদিৰ পৰা দীৰ্ঘদিন ধন সংগ্ৰহ কৰি আহিছিল৷ কিন্তু আজি হঠাৎ ৰে’লৰ পৰা পইচা সংগ্ৰহ কৰা ফৈদটোৰ এচামে আহি ব্যৱসায়িক এলেকাত প্ৰৱেশ কৰে৷ ইয়াকে লৈ সৃষ্টি হয় ব্যাপক মাৰপিটৰ ঘটনা৷ দুয়োটা ফৈদৰ বহুসংখ্যক আহত হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে স্থানীয় জালুকবাৰী থানাৰ আৰক্ষীয়ে লাঠীচালনাও কৰিবলগীয়া হয়৷ ইফালে অভিযোগ মতে অঞ্চলটো একাংশ পুৰুষ-মহিলাই কিন্নৰৰ বেশ ভুষাৰে বিভিন্ন লোকৰ পৰাই ধন বিচাৰি হাৰাশাস্তি কৰি আহিছিল। এই ঘটনাও আজিৰ এই পৰিস্থিতিৰ প্ৰধান কাৰণ।