Local, Vocal, Global

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে বাৰেকুৰিত তীব্ৰ প্ৰতিবাদ

বাঘজান- ৫ নং তৈল খাদত সংঘটিত হৈ থকা অগ্নিকাণ্ডৰ ফলত মাগুৰি মতাপুং বিলকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত বিস্তৰ ক্ষতিসাধন হৈছে, ফলত এতিয়া মাগুৰি বিলৰ লগতে পুৰণি মতাপুং, বেবেজীয়া গাঁৱৰ জনসাধাৰণ আৰু মাছ-কাছ, জীৱ-জন্তু, পশু-পক্ষীৰ প্ৰতি ভাবুকি আহি পৰিছে ৷পুৰণি মটাপুং গাঁৱৰ প্ৰায় ৯০ শতাংশ লোকৰ জীৱিকা হৈছে মাগুৰি মটাপুং বিলত মৎস্য চিকাৰ কৰা, বিলখনত এতিয়া তৈলখাদটোৰ পৰা নিৰ্গত তেল পৰাৰ ফলত মৃত্যু হৈছে মাছ-কাছসমূহৰ ৷ যাৰফলত পুৰণি মটাপুং গাঁৱৰ পৰিয়ালসমূহলৈ আহি পৰিছে অইলৰ পৰা অইন এক আওপকীয়াকৈ ভাবুকি ৷ তাৰেই প্ৰতিবাদত আজি পুৰণি মতাপুং, বেবেজীয়াৰ শতাধিক গাঁ‌ওবাসীয়ে আজি বাৰেকুৰি QPS ৰ সন্মুখত  প্ৰতিবাদ সাব্যস্ত কৰে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদানৰ লগতে মাগুৰি বিল সংৰক্ষণৰ কাৰণে দাবী জনায়।