Local, Vocal, Global

পাঁচ বছৰে বাংলদেশত কাৰাৰুদ্ধ মঙলদৈৰ এজন ৰিক্সাচালক

পাঁচ বছৰে বাংলদেশত কাৰাৰুদ্ধ মঙলদৈৰ ৰিক্সাচালকৰ প্ৰত্যাৱৰ্তন ।
( দৰঙৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত আশাৰ ৰেঙণি )
সুদীৰ্ঘ পাঁচ বছৰীয়া শ্বাসৰুদ্ধকাৰী নাটকীয় ঘটনা এটিৰ যৱনিকা হোৱাৰ দিশত।
মঙলদৈৰ নিকটবৰ্তী এজন দৰিদ্ৰ ৰিক্সাচালক পাছ বছৰে সন্ধানহীন হৈ থকাৰ পাছত পৰৰাষ্ট্ৰ বাংলাদেশৰ কাৰাগাৰত সন্ধান লাভ কৰে ভুক্তভোগী পৰিয়ালটিয়ে।
তিনি বছৰ পূৰ্বৰ তথ্য অনুযায়ী বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উপ উচ্চ-আয়ুক্তৰ এখন চিঠিত এই কথা পোহৰলৈ আহিছিল ৷

যোৱা ২০১৯ ৰ পাঁচ মে’ত ভাৰতীয় উপ উচ্চ-আয়ুক্তৰ চিঠি নম্বৰ ডিএচি/চি ও এন এছ/৪১১/০৩/২০১৯ মৰ্মে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিবক উক্ত বিষয়টো জনোৱা হৈছিল ৷
পত্ৰত উল্লেখ কৰা মতে মঙলদৈ থানাৰ অন্তৰ্গত কেওটপাৰা (হোদাপাৰা) গাঁৱৰ ফুলেশ্বৰ হাজৰিকাৰ পুত্ৰ মুকুল হাজৰিকা বাংলাদেশৰ ফেনী কাৰাগাৰত কাৰাদণ্ডৰ ম্যাদ উকলাৰ পাছতো কাৰাৰুদ্ধ হৈ আছে ৷ চিঠিখনত তেওঁৰ কি অপৰাধ, কিমানদিনৰ কাৰাবাস আদিৰ বিষয়ে কোনো উল্লেখ নাছিল ৷

ৰিক্সাচালক মুকুলে নিৰুদ্দেশ হোৱাৰ দিনা ঘৰৰ পৰা জনাৰামচৌকালৈ এখন চাইকেল লৈ ওলাই গৈছিল ৷ নিৰুদ্দিষ্ট মুকুল নিজ ঘৰলৈ আহিব বুলি জানি পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে।
আজি বাংলাদেশ ৰাইফল্‌ছে মুকুল হাজৰিকাক বি এছ এফৰ হাতত অৰ্পণ কৰিব ৷ সেয়ে ত্ৰিপুৰা আৰক্ষীৰ পৰা মুকুলক গ্ৰহণ কৰিবলৈ মুকুলৰ পিতৃ ফুলেশ্বৰ হাজৰিকা আৰু মঙলদৈ থানাৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ পৰিদৰ্শক দান্টেজিৎ দেউৰী ত্ৰিপুৰালৈ যাত্ৰা কৰিছে ৷

উক্ত ঘটনাই সফল সমাপ্তিৰ দিশত আগবঢ়াত মঙলদৈবাসী উৎফুল্লিত হৈ পৰিছে ৷ অৱশ্যে কি আৰু কেনে পৰিস্থিতিত মঙলদৈৰ ৰিক্সাচালকজন গৈ বাংলাদেশ পালে আৰু কিয় কাৰাৰুদ্ধ হব লগা হ’ল , এই কৌতূহলবোৰৰ সমিধান স্ব-গৃহ পোৱাৰ পাছতহে স্পষ্ট হ’ব ৷