Local, Vocal, Global

Road Accident in Nagaon : তীব্ৰবেগী ট্ৰেভেলাৰ,মটৰ চাইকেল আৰু অটোৰ মাজত সংঘৰ্ষ

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : তিনিখন বাহনৰ মাজত সংঘৰ্ষ । ফলত আহত বহু লোক ।

নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ।নগাঁৱত বেবেজীয়াৰ গণপতি হিৰ’ ডীলাৰৰ সমীপত ৩৭ন‌ং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো(Road Accident in Nagaon)।

জানিব পৰা মতে তিনিখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। গুৱাহাটী দিশৰ পৰা নগাঁৱৰ দিশে তীব্ৰবেগত আহি থকা AS O4AC 9527 নম্বৰৰ ট্ৰেভেলাৰখনে নগাঁও দিশৰ পৰা ৰহা দিশে গৈ থকা AS 02AD 6773 নম্বৰৰ মটৰ চাইকেল আৰু AS 02C 9086 নম্বৰৰ এখন অটোক খুন্দা মৰাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়(Road Accident)।

দুৰ্ঘটনাতটোপ ফলত মটৰ চাইকেলেখনৰ চালকৰ লগতে টেম্প’খনত থকা কেইবাজনো যাত্ৰী আহত হয়। বৰ্তমান লৈকে ৮ জন ব্যক্তি গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দুৰ্ঘটনাটোৰ পিছতে বেবেজীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতলোকলক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনাটোত আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Road Accident in Sipajha : তীব্ৰবেগী আলট্ৰা বাছে মহটিয়াই নিলে মটৰ চাইকেলক