Local, Vocal, Global

ভূপেন বৰাৰ সৈতে খোজ কাঢ়িছে মহাত্মা গান্ধীয়ে, বিজেপি দেশৰ সংবিধানৰ ভাবুকি

আজি বৰপেটা জিলা সীমান্ত অতিক্ৰমীহৈ নলবাৰী জিলাত প্ৰৱেশ কৰাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই শক্তি প্ৰদৰ্শন কৰে৷
নলবাৰী জিলাৰ কেইবা হাজাৰ লোক পদযাত্ৰাত অংশ লয়৷ এই যাত্ৰাত মহাত্মা গান্ধীৰ বেশত এগৰাকী লোকে ভূপেন বৰাৰ সৈতে খোজকাঢ়ি ঐক্য, সংহতিৰ বাৰ্তা দিয়ে৷ এই যাত্ৰাৰ পৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিক হুংকাৰ প্ৰদান কৰি বিজেপিৰ অপশাসনৰ পৰা দেশক ৰক্ষা কৰিম বুলি কয়৷ চতুৰ্থখন জিলাত ভৰি থলে অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই৷ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কুকাৰপাৰৰ পৰা আজি প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ হয়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুল ৰহিম আহমেদৰ উপস্থিতিত বৰপেটা জিলৰা পৰা নলবাৰীত জিলাত প্ৰৱেশ কৰে৷ এই যাত্ৰাত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰা দেখা যায়৷ ১ নৱেম্বৰত ধুবুৰীৰ পৰা আৰম্ভ হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা৷ ধুবুৰীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰা এই যাত্ৰাই আজি দিনৰ প্ৰায় ৩ বজাত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ৰামপুৰত সমাপ্ত কৰে৷ দৌলাশালৰ পৰা পৰা কাপলাবড়ীলৈ আজিৰ পদযাত্ৰাত বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মণৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, জিলা সমন্বয়ক দিব্যজ্যোতি হালৈয়ে বিশেষ নেতৃত্ব দিয়া দেখা যায়৷ আজি যাত্ৰাত অংশ লোৱা কেইবাগৰাকী কংগ্ৰেছ নেতাই বিজেপিক তীব্ৰ সমালোচনা কৰি বিজেপিয়ে দেশত অপশাসন কৰা বুলি কয়৷ বিজেপি দলৰ চৰকাৰ দেশৰ সংবিধানৰ বাবে চৰম ভাবুকি বুলি কয়৷ বাক স্বাধীনতা ৰুদ্ধ কৰাৰ প্ৰয়াস, চৰম ধৰ্মীয় অসহিষ্ণুতা, চৰম মূল্যবৃদ্ধি, নিবনুৱা সংস্থাপনৰ প্ৰতি প্ৰকাশ কৰা অনীহা প্ৰকাশ কৰাৰ অভিযোগ আনে বিজেপিয়ে৷ দেশৰ ঐক্য সংহতি বিনষ্ট কৰাৰ প্রচেষ্টাৰ বিৰুদ্ধে সমগ্ৰ দেশবাসীক দল-মত নিৰ্বিশেষে একগোট কৰি দেশক বিশ্বৰ অন্যতম ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই যাত্ৰা কৰা বুলি কংগ্ৰেছ নেতৃত্বই।