Local, Vocal, Global

পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত গোলকীয় উষ্ণতা-ইয়াৰ প্ৰভাৱ শীৰ্ষক আলোচনা চক্ৰ

ৰঙিয়া মহকুমাৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত গোলকীয় উষ্ণতা আৰু ইয়াৰ প্ৰভাৱ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ অনুষ্ঠানত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ দীনেশ কাকতি৷ আলোচনা চক্ৰত অংশগ্ৰহণ কৰি শিক্ষাবিদগৰাকীয়ে কয় যে আমি পৰিবেশৰ লগত সহযোগ কৰি চলিব লাগিব৷ মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰ সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাতুল চন্দ্ৰ শৰ্মাই৷ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক অধ্যাপক খাইৰুজ জামানে আতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা আলোচনা চক্ৰৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অধ্যাপক মন্টুৰাম ডেকাই, দ্বীপ বন্দনা পৰিবেশন কৰে গ্ৰন্থগাৰিকা ড০ লতিকা দেৱীয়ে৷ আলোচনা চক্ৰত মহাবিদ্যালয়ৰ কৰ্মচাৰী মহেশ কলিতাই কামৰূপীয়া লোকগীত পৰিবেশন কৰাৰ লগতে কেইজনমান ছাত্ৰই ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিবেশন কৰে৷ আলোচনা চক্ৰত গবেষণা পত্ৰ প্ৰস্তুত কৰি পাঠ কৰে অধ্যাপক মোস্তাক আহমেদ, খাইৰুজ জামান, শিক্ষাৰ্থী আৰ্জিনা বেগম, কংকনা কলিতা, লিজা কলিতা, লভিতা কলিতা, আচমিনা বেগম, ৰিজুৱানা চুলটানা, জয়শ্ৰী কলিতা আদি কৰি কেইবাজনো অধ্যাপক অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰীসকলে গৱেষণা পত্ৰ পাঠ কৰাৰ লগতে অন্য বহুত কেইজনে প্ৰস্তুত কৰি সমল ব্যক্তিৰ হাতত দাখিল কৰে৷