Maghi Purnima: আজি মাঘী পূৰ্ণিমা

১০ ফেব্ৰুৱাৰী ২০২৫,ৱেবডেস্ক: সমগ্ৰ দেশৰ ধৰ্মানুষ্ঠানসমূহত ভিৰ অগণন ভক্তৰ। পবিত্ৰ দিনটোত মহাস্নানৰ বাবে মহাকুম্ভত সমবেত হৈছে অগণন লোক। কোটি কোটি ভক্ত উপস্থিত হৈছে ত্ৰিবেণী সংগমত স্নানৰ বাবে।
১৪৪ বছৰ পাছত মিলিছে বিৰলতম যোগ! সেয়ে এই দিনটোত মহাকুম্ভৰ অমৃত স্নানো পালন কৰা হ’ব। সেয়ে এইবাৰ মাঘী পূৰ্ণিমাৰ স্নান আৰু দানৰ বিশেষ মাহাত্ম্য আছে। তদুপৰি, এই মাঘী পূৰ্ণিমাৰ দিনা সত্যনাৰায়ণ পূজা কৰাটোও অত্যন্ত শুভ বুলি গণ্য কৰা হয়।
১৪৪ বছৰৰ পাছত মিলিছে অতি বিৰল আৰু শুভ যোগ।হিন্দু ধৰ্মত পূৰ্ণিমা তিথিৰ বিশেষ গুৰুত্ব আছে। এই দিনটোত স্নান আৰু দান কৰিলে সকলো পাপ নাশ হয় বুলি প্ৰবাদ আছে। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱ আৰু বিষ্ণুক পূজা কৰিলে সকলো মনোকামনা পূৰণ হয়। পূৰ্ণিমা তিথিৰ আধ্যাত্মিক গুৰুত্বও অপৰিসীম। বহুতে ১২ আৰু ১৩ ফেব্ৰুৱাৰীক লৈ বিভ্ৰান্ত হৈছে। কিন্তু এই বছৰ মাঘী পূৰ্ণিমা ১১ আৰু ১২ ফেব্ৰুৱাৰী দুয়োটা দিনতে মিলিছে। অসমীয়া কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকাৰ তথ্য অনুসৰি, এই বছৰ মাঘী পূৰ্ণিমা ২৮ মাঘ অৰ্থাৎ ১১ ফেব্ৰুৱাৰী মঙলবাৰে সন্ধিয়া ৬ বাজি ৫৭ মিনিট ৬ ছেকেণ্ডৰপৰা আৰম্ভ হ’ব আৰু ২৯ মাঘ অৰ্থাৎ ১২ ফেব্ৰুৱাৰী বুধবাৰে সন্ধিয়া ৭ বাজি ৮ মিনিট ৫ ছেকেণ্ডত শেষ হ’ব।মাঘী পূৰ্ণিমাত শুভ যোগঃ এইবাৰ মাঘী পূৰ্ণিমাত ১৪৪ বছৰ পাছত শুভ যোগ সৃষ্টি হৈছে। সেয়ে এই দিনটোত মহাকুম্ভৰ অমৃত স্নানো পালন কৰা হ’ব। সেয়ে এইবাৰ মাঘী পূৰ্ণিমাৰ স্নান আৰু দানৰ বিশেষ মাহাত্ম্য আছে। তদুপৰি, এই মাঘী পূৰ্ণিমাৰ দিনা সত্যনাৰায়ণ পূজা কৰাটোও অত্যন্ত শুভ বুলি গণ্য কৰা হয়।