Jorhat news : MY NEWS NE সাংবাদিকৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱা পাছতে আমৰণ অনশনস্থলীত উপস্থিত চিকিৎসকৰ দল
যোৰহাট,৯জানুৱাৰী : MY NEWS NE সাংবাদিকৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱা পাছত যোৰহাটৰ চুতীয়া যুৱ সন্মিলন অসম আমৰণ অনশনস্থলীত উপস্থিত চিকিৎসকৰ দল ।
প্ৰতিবাদকাৰী শ্যামল জোতি বৰা ,ৰাজ বাঢ়ৈ চুতীয়া,উত্তম হাজৰিকা,মৃদুপবন শইকীয়া,মনোজ চুতীয়া,ৰমেন চুতীয়া,দুৰ্গেশ্বৰ বৰা ,পৰেশ চুতীয়াৰ স্বাস্থ্য অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে(Jorhat news) ।
বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে পৰা চিকিৎসকৰ দলে চিকিৎসা সেৱা আগবঢ়াইছে প্ৰতিবাদ কাৰী দলটিক । জনজাতিকৰণ স্বায়ত্ব শাসনৰ লগতে মাজুলী যোৰহাট বৰ্ম্ৰপুত্ৰত বৰ্তমান নিমাণ হৈ থকা দলংখন চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰানী বীৰাঙ্গানা সাধনী ৰ নামেৰে নামাকৰণ কৰা দাবী লগতে প্ৰায় ১২ টা দাবীলৈ যোৰহাট জিলা আয়ুক্ত কায্যালয়ৰ সন্মুখত এই আমাৰন অনশন কাৰ্যসূচী অৱ্যাহত ৰাখিছে।
লগতে পঢ়ক :Jorhat news : ২৪ ঘণ্টা উকলি যোৱাৰ পিছটো অব্যাহত চুতীয়া জাতি যুৱ সন্মিলনৰ আমৰণ অনশন কাৰ্যসূচী