Local, Vocal, Global

Madhya Pradesh CM-designate Mohan Yadav to take oath : বুধবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মোহন যাদৱে

নেশ্যনেল ডেস্ক,১২ডিচেম্বৰ : বুধবাৰে মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মোহন যাদৱে । বহু জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে সন্ধিয়া ঘোষণা কৰা হৈছিল মধ্যপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম । সোমবাৰে বিয়লি ৪ বজাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ বিজেপি বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰা হয়(Madhya Pradesh CM-designate Mohan Yadav to take oath on Wednesday) ।

এই বৈঠকত মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে মোহন যাদৱক(Madhya Pradesh CM-designate Mohan Yadav to take oath) ৷

সোমবাৰে ভূপালত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যাদৱে কয় যে ১৩ ডিচেম্বৰৰ দিনা শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । যাদৱৰ লগতে ১৩ ডিচেম্বৰত শপত ল’ব উপ-মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত ৰাজেন্দ্ৰ শুক্লা আৰু জগদীশ দেৱদাই । লগতে মোহন যাদৱে কয় যে , “দলটোৱে ৮.৫ কোটি লোকৰ মৰম আৰু বিশ্বাস লাভ কৰিছো । তেওঁলোকৰ নেতা হিচাপে আমাক নিৰ্বাচিত কৰাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি যিদৰে আগবাঢ়িছে, আমি ঐক্যৱদ্ধ হৈ উন্নয়নৰ গতিক আগুৱাই লৈ যাম”(Madhya Pradesh CM-designate Mohan Yadav to take oath on Wednesday) ।

যাদৱে পুনৰ কয়, “মই ৰাইজৰ সেৱাত আছো । প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আৰম্ভ কৰা উন্নয়নমূলক কামবোৰ মই আগুৱাই লৈ যাম । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰখনৰ কাম-কাজ আমি আগুৱাই লৈ যাম । আমি সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিম ।”অন্যান্য পিছপৰা শ্ৰেণী চমুকৈ OBC সম্প্ৰদায়ৰ নেতাজনে কয় যে তেওঁৰ দৰে সাধাৰণ কৰ্মীক এই বৃহৎ দায়িত্ব দলে প্ৰদান কৰাত তেওঁ ভীষণ সুখী ।”মই এগৰাকী বিজেপি কৰ্মী । বিজেপি দলটোৱে নিজৰ সকলো কৰ্মীৰ যত্ন লোৱাৰ বাবেই ই বিশ্বৰ সৰ্ববৃহৎ দল হৈ পৰিছে । মোৰ দৰে সাধাৰণ কৰ্মীক এই বৃহৎ দায়িত্ব দলটোৱে দিয়াত মই সুখী ।” মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ জয়লাভৰ বাবে মধ্যপ্ৰদেশৰ ভোটাৰসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে, দলৰ উপৰিও সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে(Madhya Pradesh CM-designate Mohan Yadav to take oath on Wednesday) ৷

আনহাতে, ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপি নেতা মোহন যাদৱক মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে উজ্জীয়িনস্থিত যাদৱৰ বাসগৃহত নিৰাপত্তা বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে । কেইবাজনো কৰ্মীয়ে নিৰাপত্তাৰক্ষী জনিত কেমেৰা স্থাপন কৰা দেখা গৈছিল ।

লগতে পঢ়ক : Resounding Declaration of Hope : ৩৭০ নং অনুচ্ছেদ বাতিলৰ সমৰ্থনত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ