Local, Vocal, Global

গোৱালপাৰাত উপস্থিত এম ভি গংগা বিলাস

বিশ্বৰ দীৰ্ঘতম নদী ভ্ৰমণ এম ভি গংগা বিলাস আহি উপস্থিত হ’ল গোৱালপাৰাত ।২৮ গৰাকী বিদেশী পৰ্যটকৰ সৈতে ৰিভাৰ ক্ৰুজখন গোৱালপাৰাত উপস্থিত হোৱাৰ লগে লগে জিলা প্ৰশাসনে বিশেষ তৎপৰতা দেখুৱায়।কটকটীয়া নিৰাপত্তাৰ মাজেৰে ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ পৰ্যটকসকলে ঐতিহাসিক সূৰ্য পাহাৰ দৰ্শন কৰে।

উল্লেখ্য যে ভাৰতৰ সৰ্ববৃহৎ ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস বাংলাদেশৰ পৰা ধুবুৰী হৈ অসমত প্ৰৱেশ কৰিছিল।শনিবাৰে নিশাই গোৱালপাৰা চহৰৰ কছাৰী ঘাটত উপস্থিত হয় ৰিভাৰ ক্ৰুজ।পুৱাৰ ভাগত গোৱালপাৰা জিলাৰ ঐতিহাসিক শ্ৰী সূৰ্য পাহাৰ ভ্ৰমণৰ বাবে পৰ্যটকৰ দলটোক লৈ যায়।সূৰ্য পাহাৰ দৰ্শনৰ সময়ত বিদেশী পৰ্যটকসকলক সম্বৰ্ধনা জনায়।

সূৰ্য পাহাৰ সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে পৰ্যটকসকল।ইয়াৰ লগতে পৰ্যটক সকলক দেখুওৱা হয় গোৱালপাৰাৰ আন এক ঐতিহাসিক পাটি শিল্প।পাটি শিল্প দেখি আপ্লুত হৈ পৰে।তাৰ পিছত গোৱালপাৰা জিলা প্ৰশাসনে আয়োজন কৰা ৰাভা নৃত্যও উপভোগ কৰে পৰ্যটকসকলে।ইয়াৰ পাছতে গোৱালপাৰা জিলাৰ প্ৰশাসনে পৰ্যটকসকলোক গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই।