Local, Vocal, Global

শোণিতপুৰ জিলাৰ নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ অভিযুক্তক !

শোণিতপুৰ জিলাৰ নাবালিকাক ধৰ্ষণ অভিযোগত গ্ৰেপ্তাৰ অভিযুক্তক।পাচঁ মাহ আগতে জামুগুৰিহাটৰ দিফলোচাপোৰী অঞ্চলত সংঘটিত হৈছিল এক নিলৰ্জ্জকৰ ঘটনা।আতাউৰ ৰহমান নামৰ এজন পাষাণ্ডই বিদ্যালয় পৰা উভতি অহাৰ পথত এজনী নাবালিকাক বলপূৰ্বক অপহৰণ কৰি যৌন নিৰ্যাতন চলাইছিল।

বাতৰি অনুসৰি ,অভিযুক্ত জনে ছোৱালীজনীক তাইৰ পৰিয়ালক ঘটনাটোৰ বিষয়ে কব’লৈ বাধা প্ৰদান কৰি ভাবুকি দিছিল।কেইদিনমান ধৰি নাবালিকা জনীৰ পেটৰ তীব্ৰ বিষ হোৱাত তেজপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।পিছত গোটেই ঘটনাটো পোহৰলৈ আহিছিল আৰু তাইৰ গৰ্ভধাৰণ চিকিৎসকসকলে নিশ্চিত কৰিছিল।ভুক্তভোগীৰ দেউতাকে ইয়াৰ সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ছোৱালীজনীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, অভিযুক্ত আতাউৰ ৰহমানক গ্ৰেপ্তাৰ কৰে।