Local, Vocal, Global

তেজপুৰত প্ৰৱেশ এম ভি গংগা বিলাসৰ…

ডিজিটেল ডেস্কঃ-:২২ফেব্ৰুৱাৰী বুধবাৰে সন্ধিয়াই তেজপুৰত উপস্থিত হয় পৃথিৱীৰ সৰ্ববৃহৎ ৰিভাৰ ক্ৰুজ গংগা বিলাস। তেজপুৰত উপস্থিত হোৱাৰ পাছতে পৰ্যটকসকলক উষ্ম আদৰণি তেজপুৰ জিলা প্ৰশাসনৰ। নিশাটো ব্ৰহ্মপুত্ৰৰ মাজতে কটোৱাৰ অন্তত আজি তেজপুৰৰ ঐতিহাসিক স্থানসমূহ পৰিভ্ৰমণ কৰিব বিদেশী পৰ্যটকসকলে।১৭ ফেব্ৰুৱাৰীত অসমত প্ৰৱেশ কৰা বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী প্ৰমোদতৰী এম ভি গংগা বিলাস ব্ৰক্ষ্মপুত্ৰৰ বুকুৱেদি ষষ্ঠ দিনৰ বাবে যাত্ৰাৰে বুধবাৰে সন্ধিয়া ৫ বাজি ৪০ মিনিটত তেজপুৰত প্ৰৱেশ কৰে।১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাহাজখনৰ ফ্লেগ অফ্ কৰাৰ পাছত বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি আজি তেজপুৰ পোৱালৈকে এম ভি গংগা বিলাসে মুঠ ২৮৮০ কিলোমিটাৰ জলপথৰ দূৰত্ব অতিক্ৰম কৰিছে।

জাহাজখনৰ ২৮ জন বিদেশী পৰ্যটকে বুধবাৰে সন্ধিয়া তেজপুৰত উপস্থিত হোৱাৰ পূৰ্বে ধুবুৰী, গোৱালপাৰা, শুৱালকুছি, পাণ্ডুত অৱতৰণ কৰি বহু উল্লেখযোগ্য স্থান দৰ্শন কৰাৰ লগতে অসমৰ চহকী ঐতিহ্য-পৰম্পৰা, প্ৰাকৃতিক সৌন্দৰ্য, লোককৃষ্টি আৰু আতিথ্যত আপ্লুত হৈ পৰিছে।মন কৰিবলগীয়া যে, পৰ্যটকসকলে আজি পুৱা চিত্ৰলেখা উদ্যান (যাক ক’ল পাৰ্ক বুলিও জনা যায়) আৰু দ’ পৰ্বতীয়া পুৰাতাত্ত্বিক স্থান দৰ্শন কৰিব। ইয়াৰ পাছত জাহাজখনে শিলঘাটলৈ যাত্ৰা কৰিব য’ত পৰ্যটকসকলে মৰাপাট সমবায় কাৰখানা দৰ্শন কৰাৰ কথা আছে। পৰ্যটকসকলে তাৰপাছত এদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব। এম ভি গংগা বিলাসে বিশ্বনাথ ঘাট, কেৰকেৰীঘাট, মাজুলী আৰু নিমাতীঘাটত প্ৰৱেশ কৰাৰ পাছত ডিব্ৰুগড়ৰ বগীবিললৈ আগন্তুক যাত্ৰা অব্যাহত ৰাখিব।