Local, Vocal, Global

ভয়ংকৰ! চীন আৰু পূৱ তাজাকিস্তানত ৭.৩ প্ৰাবল্যৰ ভূমিকম্প…

ডিজিটেল ডেস্কঃ-:ছিৰিয়া-তুৰস্কৰ পাছত এইবাৰ চীনত ভূমিকম্প। ৭.৩ মাত্ৰাৰ ভূমিকম্পই জোকাৰি গ’ল চীন। কাজাখাস্তান আৰু আফগানিস্তানতো অনুভূত জোকাৰণি।চীনা ভূমিকম্প নেটৱৰ্ক কেন্দ্ৰৰ তথ্য অনুসৰি ২৩ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ৫.৩৭ বজাত পূব তাজিকিস্তানত ৭.৩ প্ৰাবল্যৰ ভূমিকম্প হৈছিল।চি.ই.এন.চি.-ৰ মতে, ভূমিকম্পটো প্ৰায় ২০.৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল।

ভূমিকম্পৰ কেন্দ্ৰস্থল গৰ্নো-বাদাখস্তানৰ সৰু পাহাৰীয়া চহৰ মুৰ্গোবৰ পৰা প্ৰায় ৬৭ কিলোমিটাৰ দূৰত্বত বুলি আশা কৰা হৈছে, যি চীন আৰু আফগানিস্তানৰ সীমাত আছে।