Local, Vocal, Global

খেলৰত্নৰে সন্মানিত প্রথমগৰাকী অসমীয়া লাভলীনা

0 11

দেশৰ ক্রীড়া জগতৰ সর্বোচ্চ সন্মান খেলৰত্ন আগবঢ়োৱা হৈছে ১২গৰাকী প্রসিদ্ধ খেলুৱৈলৈ ৷ ঘোষিত ২০২১ বর্ষৰ খেলৰত্ন বঁটা লাভ কৰিছে প্রথমগৰাকী অসমীয়া হিচাপে অলিম্পিকত পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৷ অহা ১৩ নৱেম্বৰৰ বিয়লি ৪.৩০ বজাত ৰাষ্ট্রপতি ভৱনৰ দৰবাৰ হলত আনুষ্ঠানিকভাৱে এই খেলৰত্ন বঁটাটো ১২গৰাকী খেলুৱৈক অর্পণ কৰিব ৰাষ্ট্রপতিয়ে ৷

লাভলীনাৰ লগতে খেলৰত্ন বঁটা লাভ কৰা খেলুৱৈকেইগৰাকী হ’ল– নীৰজ চোপ্রা (এথলেটিকছ), ৰবি কুমাৰ (মল্লযুঁজ), পি আৰ শ্রীজেশ (হকী), মনপ্রীত সিং (হকী), সুনীল ছেত্রী (ফুটবল), মিতালী ৰাজ (ক্রিকেট), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত আণ্টিল (পেৰা এথলেটিকছ), প্রমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নাগৰ (পেৰা বেডমিণ্টন) আৰু মনীষ নৰৱাল (পেৰা শ্বুটিং)৷ ইফালে, ২০২১ বর্ষত মুঠ ৩৫গৰাকী খেলুৱৈক অর্জুন বঁটা প্রদান কৰা হ’ব৷ উল্লেখ্য যে অর্জুন বঁটা লাভ কৰিবলগীয়া একমাত্র ক্রিকেটাৰগৰাকী হ’ল টীম ইণ্ডিয়াৰ বাঁওহতীয়া বেটছমেন শিখৰ ধাৱন

Leave A Reply

Your email address will not be published.