Local, Vocal, Global

আজি টীম ইণ্ডিয়াৰ সন্মুখত আফগানিস্তান

ক্রমাগত প্রথম দুখন মেচত পৰাস্ত হৈ চলিত টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়ৰ পৰা বিদায় লোৱাৰ উপক্রম ঘটা টীম ইণ্ডিয়াই আজি আফগানিস্তানৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব ৷ প্রতিযোগিতাখনত বর্তি থকাটোৱে কঠিন হৈ পৰা ভাৰতীয় দলটোৱে আজি আবুধাবিত হ’বলগীয়া এই মেচখনক বিশেষ গুৰুত্বসহকাৰে লৈছে ৷ প্রথম দুয়োখন মেচতে বৃহৎ ব্যৱধানত পৰাস্ত হোৱা ভাৰতীয় দলটোৱে আফগানিস্তানৰ বিপক্ষে বৃহৎ বিজয়ৰ লক্ষ্যৰে খেলপথাৰত অৱতীর্ণ হ’ব ৷

আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে ৷ অভিজ্ঞ অফ স্পীনাৰ অশ্বিনৰ লগতে সূর্য কুমাৰ যাদৱেও মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে ৷ প্রথম দুয়োখন মেচতে ব্যর্থ হোৱা হার্দিক পাণ্ডিয়াক বিশ্রাম দিয়াৰ ইংগিত দিছে অধিনায়ক কোহলিয়ে ৷ বর্তমান নিমিলা অংকৰ স্বপ্ণত বিভোৰ টীম ইণ্ডিয়াই পৰৱর্তী তিনিওখন মেচত বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত কৰি ছেমিফাইনেলত প্রৱেশৰ আশাত বন্দী হৈ আছে ৷