Local, Vocal, Global

প্ৰথম স্থান দখল কৰি মূল প্ৰতিযোগিতাত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

নিউজ ডেস্ক, ৪ আগষ্ট : বাৰ্মিংহামত অনুস্থিত হোৱা কমনৱেলথ গেমছত ২০০ মিটাৰ দৌৰত চেমিফাইনেলত প্ৰৱেশ কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে।

বাৰ্মিংহামত ২০০ মিটাৰ দৌৰত ২৩.৪২ চেকেণ্ড সময়ৰ ভিতৰত প্ৰথম স্থান লাভ কৰি কোৱালিফাই হয় হিমা দাস।

হিমা দাসৰ পিতৃ মাতৃয়ে ঘৰতে উপভোগ কৰিলে খেল। অসমকন্যা হিমা দাসৰ সফলতাত উৎফুল্লিত হৈ পৰিছে হিমা দাসৰ পিতৃ মাতৃ।

কাইলৈ কমনৱেলথ গেমছত ২০০ মিটাৰ দৌৰত চেমিফাইনেলৰ ট্ৰেকত দৌৰিব ধিং এক্সপ্ৰেছ হিমা দাসে।