Local, Vocal, Global

Lot Mandal Held While Accepting Bribe For Land Sale Permission : পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰণ শাখাৰ জালত লাট মণ্ডল

নিউজ ডেস্ক,৩মাৰ্চ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Lot Mandal Held While Accepting Bribe For Land Sale Permission ) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

এইবাৰ দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল লাট মণ্ডল।

বুধবাৰে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । অভিযানত উৎকোচ লওঁতেই হাতে-লোটে ধৰিলে লাট মণ্ডলক । লাট মণ্ডলক খগেন কলিতাক হাতে-লোটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই(Lot Mandal Held While Accepting Bribe For Land Sale Permission In Nalbari) ।

লগতে পঢ়ক : Assam’s former IPS officer Anand Mishra to contest elections independently after BJP denies ticket : লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰ