Local, Vocal, Global

Assam’s former IPS officer Anand Mishra to contest elections independently after BJP denies ticket : লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই

নিউজ ডেস্ক,৩এপ্ৰিল : এইবাৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই । নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই । বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে।

নিৰ্বাচন খেলা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আনন্দ মিশ্ৰই কয়, ‘‘মোৰ হাতত বহুত টকা-পইচা নাই । ৪০-৫০খন গাড়ী লৈ ৰেলীও কৰিব নোৱাৰো। ৰাইজৰ আশীৰ্বাদ লাগিব।’’

উল্লেখযোগ্য যে, আইপিএছ বিষয়া আনন্দ মিশ্ৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে চাকৰিৰ পৰা অব্যাহতি লৈছিল। অসমবাসীৰ মৰম কেতিয়াও পাহৰিব নোৱাৰো বুলি অসমৰ পৰা বিদায় লৈ নিজৰ জন্মস্থান বিহাৰলৈ গুচি গৈছিল আনন্দ মিশ্ৰ(Assam’s Former Lakhimpur SP Anand Mishra To Contest Elections Independently)।

লগতে পঢ়ক : 29 Dead After Fire At Istanbul Nightclub : নাইট ক্লাবত বিধ্বংসী অগ্নিকাণ্ড;জীৱন্তে অগ্নিদগ্ধ ২৯ জন লো