Local, Vocal, Global

কাজিৰঙা দৰ্শন কৰাৰ উদ্দেশ্যে বোকাখাটত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ পাঁচ দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলা(lok sabha speaker)। দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(kaziranga national park) ভ্ৰমণৰ উদ্দেশ্যৰে বোকাখাতত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা ৷

বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডত অধ্যক্ষগৰাকীয়ে অৱতৰণ কৰাৰ পাছত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ৷ বোকাখাততে লোকসভাৰ অধ্যক্ষগৰাকীক বিভিন্ন দল-সংগঠনে গামোচা, চেলেং, শৰাই, গঁড় আদিৰে আদৰণি জনায় ৷

ইয়াৰ পাছত অধ্যক্ষগৰাকীয়ে অসমৰ জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে ৷ বোকাখাতৰ পৰা পোনে পোনে কাজিৰঙাৰ হাতীখুলি চাহ বাগিচালৈ যাব অধ্যক্ষগৰাকী ৷

হাতীখুলি চাহ বাগিচাৰ কিছু সময় কটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰিব লোকসভাৰ অধ্যক্ষগৰাকীয়ে।

বাগৰিত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পুনৰ বোকাখাতৰ পৰা হেলিকপ্তাৰেৰে গুৱাহাটীলৈ ৰাওনা হ’ব অধ্যক্ষগৰাকী ।