Local, Vocal, Global

বিলাসীপাৰাত এনকাউণ্টাৰ, নিহত এজন চোৰাং গৰু সৰবৰাহকাৰী

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ ৰাজ্যত ধাৰাবাহিকভাৱে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তেই দেওবাৰে পুনৰ বিলাসীপাৰাতো সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা।
আৰক্ষীৰ গুলীত নিহত হয় ছাকান আলী আৰু আহত হোৱা নাসিৰ আলী নামৰ লোকজনক গুৰুতৰ অৱস্থাত চিকিৎসাধীন হৈ আছে।
লগতে আৰক্ষীৰ গুলীত থকা সৰকা হ’ল চোৰাং গৰু সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা AS 17 E 0837 নম্বৰৰ টাটা ইণ্ডিগ’ বাহনখন।
আৰক্ষীয়ে জনোৱা মতে, উল্লেখিত গাড়ীখনত চোৰাং গৰুৰ লগতে নিচা জাতীয় দ্ৰব্যৰ সন্ধান পাই আৰক্ষীয়ে ৰখিবলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত গাড়ী লৈ পলাবলৈ চেষ্টা কৰে।

নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যৰ নেতৃত্বত যোৱা আৰক্ষীৰ গাড়ীত খুন্দিওৱাৰ চেষ্টা কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনাও কৰে।

এই ঘটনাৰ পিছতেই আৰক্ষীয়ে উপায়ন্তৰ হৈ নিজক বচোৱাৰ উদ্দেশ্যে ইণ্ডিগ’ বাহনখনলৈ গুলীচালনা কৰে। আৰক্ষীৰ এই গুলীত এজন নিহত, এজন গুৰুতৰভাৱে আহত, এজনক কৰায়ত্ব আৰু এজন পলাবলৈ সক্ষম হয়।

আনহাতে গাড়ীখনৰ পৰা নিচাজাতীয় দ্ৰব্যসহ দুটা গৰু উদ্ধাৰ কৰে। ইয়াৰে এটা গৰু মৃত আৰু আনটো চিকিৎসাধীন হৈ আছে।