Local, Vocal, Global

কৰ্তব্যৰ পৰা নিলম্বন তেজপুৰৰ দুগৰাকীকৈ আৰক্ষীক

নিউজ ডেস্ক ১০ এপ্ৰিল: কৰ্তব্যত গাফিলতি কৰা বাবে অভিযোগ উত্থাপিত হৈছে দুজনকে তেজপুৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ফলত দুগৰাকীকৈ আৰক্ষী বিষয়াক কৰ্তব্যৰ পৰা নিলম্বন কৰা হয় ।

উল্লেখযোগ্য যে, নিলম্বিত কৰা আৰক্ষী দুজন ক্ৰমে সদৰ আৰক্ষী থানাৰ প্ৰভাৰী বিষয়া মিণ্টু বড়ো আৰু তেজপুৰ বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীগন্ত শইকীয়া ।

বৃহস্পতিবাৰে নিশা ভাগত তেজপুৰ ডেকাৰগাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ ৭ খনকৈ বলেৰ’ পিকআপ বাহন লৈ উধাও হৈছিল ডকাইতৰ দল ।

জানিব পৰা মতে, ডেকাৰগাঁও মটৰ ৱৰ্কশ্বপৰ পৰা ৭ খনকৈ বলেৰ’ পিকআপ বাহন লৈ উধাও হোৱা ডকাইটৰ দলে সংঘটিত কৰা ডকাইতি কাণ্ডত কৰ্তব্যৰত গাফিলতি কৰাৰ বাবে অসম আৰক্ষী হেড কোৱাৰ্টাৰে উক্ত দুজন আৰক্ষী চাকৰিৰ পৰা নিলম্বিত কৰিছে ।