Lok Sabha Speaker election: লোকসভাৰ অধ্যক্ষ পদত ওম বিৰলাৰ প্ৰতিদ্বন্দ্বী হ’ব কংগ্ৰেছৰ কে সুৰেশ

নিউজ ডেস্ক,২৫জুন : পুনৰবাৰ ওম বিৰলাক লোকসভাৰ অধ্যক্ষ হিচাপে মনোনীত । কিন্তু ওম বিৰলাক সমৰ্থন কৰাৰ পৰিৱৰ্তে বিৰোধী শিবিৰৰ পৰাও প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত ।
মঙ্গলবাৰে কংগ্ৰেছ সাংসদ কে সুৰেশে বিৰোধী শিবিৰৰ পৰা লোকসভাৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছে। যদিহে কে সুৰেশে মনোনয়ন প্ৰত্যাহাৰ নকৰে তেন্তে বুধবাৰে প্ৰথমবাৰৰ বাবে লোকসভাত অধ্যক্ষ পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। ভাৰতীয় ৰাজনীতিৰ ইতিহাসত এনে ঘটনা এয়াই প্ৰথম হ’ব(Lok Sabha Speaker election)।
ইয়াৰ পূৰ্বে লোকসভাত অধ্যক্ষ পদৰ বাবে এবাৰো নিৰ্বাচন অনুষ্ঠিত হোৱা নাই(Om Birla and K Suresh file nomination for NDA, INDIA bloc)।