Local, Vocal, Global

Lok Sabha Election 2024 Result : অসমৰ কোন কোন সমষ্টিত কাৰ কাৰ অগ্ৰগতি ?

নিউজ ডেস্ক,৪জুন : লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ অগ্ৰগতি । লখিমপুৰ লোকসভা সমষ্টিত ১৫৬৩৫২ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা।

বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰী অগ্ৰগতি । ১০৫৯৮৮ টা ভোটত আগবাঢ়ি আছে অগপ ফণীভূষণ চৌধুৰী(Lok Sabha Election 2024 Result)।

দৰং ওদালগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ অগ্ৰগতি । ১৮১৬৫৫ টা ভোটত অগ্ৰগতি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ

ধুবুৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইন অগ্ৰগতি । ৪৩৭৭৮৩ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইন।

ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি ১৯৬৭৪৫ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল।

ডিফুত অমৰছিং তিছ’ৰ অগ্ৰগতি । ৬ নং ডিফু লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ লাভ কৰিছে ১,২৪,৮০৫ টা ভোট ৷ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰে লাভ কৰিছে ৮৮,০৫৬ টা ভোট ৷ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙে লাভ কৰিছে ৫৩,১৪৯ টা ভোট ৷ প্ৰায় ৩৬,৭৪৯ টা ভোটত সমষ্টিটোত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী ৷

যোৰহাট সমষ্টিত ১০০১৮৩ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।

৫ নং গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ অগ্ৰগতি ৷ মীৰা বৰঠাকুৰতকৈ গুৱাহাটী সমষ্টিত ১৪৬৭৭২ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি।

কাজিৰঙা সমষ্টিত ১১১৫১৩ টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা।

কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী ৩০৬২৫ টা ভোটত অগ্ৰগতি লাভ কৰি আছে।

৯ নং নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুত বৰদলৈৰ অগ্ৰগতি। কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ৯ নং নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰনগাঁও লোকসভা সমষ্টিত ১০৫৪৮৬ টা ভোটত আগবাঢ়ি আছে ।

শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ অগ্ৰগতি।শোণিতপুৰত ২০৯৯৩০ টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত।

শিলচৰত ২৭১৯৫৬ টা ভোটত আগবাঢ়ি বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য

কৰিমগঞ্জত কৃপানাথ মাল্লাৰ অগ্ৰগতি

বৰ্তমানলৈকে কৃপানাথ মাল্লাৰ ৯৬,৫৫০ টা ভোট লাভ । কৃপানাথ মাল্লাই ৯৬,৫৫০ টা ভোট লাভেৰে অগ্ৰগতি লাভ কৰিছে ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিত ৷ প্ৰাৰ্থীগৰাকীয়ে গেৰুৱা দল বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে লাভ কৰিছে ৮৮,৪২৯ টা ভোট ৷ ৮,১২১ টা ভোটৰ ব্যৱধানত মাল্লাৰ তুলনাত পিছ পৰি ৰৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৷

লখিমপুৰত প্ৰদান বৰুৱাৰ অগ্ৰগতি । ৪,৫৭,২৭৮ টা ভোট লাভেৰে অগ্ৰগতি বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ । ১২ নং লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ৪,৫৭,২৭৮ টা ভোটেৰে লাভ কৰিছে অগ্ৰগতি ৷ বিপৰীতে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই ৩,০০,৮৯৩ টা ভোট লাভ কৰি বিজেপি প্ৰাৰ্থীগৰাকীতকৈ ১,৫৬,৩৮৫ টা ভোটত পিছ পৰি আছে ৷

কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাৰ অগ্ৰগতি । ১০ নং কাজিৰঙা লোকসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ৷ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪,১৪,৯৪০ টা ভোট ৷ প্ৰায় ১,০৪,৯৬৬ টা ভোটেৰে আগবাঢ়ি থকা তাছাৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কীয়ে লাভ কৰিছে ৩,০৯,৯৭৪ টা ভোট ৷ সমষ্টিটোৰ ন’টা ভোটৰ সংখ্যা হৈছে ১১,১৭৭ টা ৷