Local, Vocal, Global

৪৫ দিনতে দাঙিলে হাত! প্ৰধানমন্ত্ৰী হোৱাৰ আৰু মন নাই…

লণ্ডনঃ অৰ্থনৈতিক সংকটৰ লগতে গভীৰ ৰাজনৈতিক সংকটৰ মাজত সোমাই পৰিছে গ্ৰেট ব্ৰিটেইন। উপায়ন্তৰ হৈ পদত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছে দিনদিয়েক পূৰ্বে দায়িত্বভাৰ গ্ৰহণ কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছ।

শপত গ্ৰহণৰ মাত্ৰ ৪৫ দিন পাছতেই ট্ৰাছে এনেদৰে পদত্যাগ কৰাত এতিয়া ৰাজনৈতিক সংকটে দেখা দিছে বিশ্বৰ আগশাৰীৰ দেশখনত। বৃহস্পতিবাৰে পদত্যাগৰ কথা ঘোষণা কৰাৰ লগে লগে ব্ৰিটেইনৰ ইতিহাসৰ আটাইতকৈ কম সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ট্ৰাছ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই ট্ৰাছে গ্ৰহণ কৰা আৰ্থিক নীতি আৰু কাম-কাজৰ ফলত ব্ৰিটেইনৰ বজাৰত একপ্ৰকাৰৰ হৈ-চৈৰ সৃষ্টি হৈছিল। এনে পৰিপ্ৰেক্ষিতত প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ঘনিষ্ঠ হিচাপে পৰিগণিত টাছৰ পদত্যাগ দাবী কৰি আহিছিল নিজ দলৰেই বহু নেতা-কৰ্মীয়ে।