দীপাৱলী নে কৰ ফাঁকিৰ বেহা, নগাঁৱত অবৈধ ফটকাৰ বৃহৎ বজাৰ
নিউজ ডেস্ক: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো তিনিটা দিন৷ দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো চলিছে দীপাৱলী উদযাপনৰ ব্যাপক প্ৰস্তুতি৷
মধ্য অসমৰ প্ৰাণ কেন্দ্ৰ নগাঁও ইয়াৰ পৰা পিছ পৰি ৰোৱা নাই৷ নগাঁৱতো দীপাৱলীৰ ব্যাপক প্ৰস্তুতি৷ তাৰ মাজতে নগাঁৱৰ প্ৰান্তে প্ৰান্তে ফটকা-ফুলজাৰিৰ দোকান-গুডাম৷ নগাঁৱৰ জনবহুল অঞ্চলত ফটকাৰ গুডাম ফটকা বিক্ৰী কৰাৰ লগতে GST ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ অসাধু ব্যৱসায়ীৰে প্ৰশাসনিক বিষয়াৰ আছে নেকি গোপন বুজাবুজি কৰি ধনৰ ভাগ লৈ এনে কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অসাধু ব্যৱসায়ীয়ে চলোৱা অসাধু ব্যৱসায়ীয়ে এক উদ্বিগ্নতাৰ কাৰণ হৈ উঠিছে৷ দীপাৱলীৰে সুযোগ গ্ৰহণ কৰি ব্যাপক মুনাফা অৰ্জনৰ বাবে তৎপৰ হৈ উঠিছে এক অসাধু চক্ৰ৷
জনবহুল অঞ্চলতে ফটকাৰ গুডাম স্থাপন কৰি জিএছটি বিল অবিহনেই গ্ৰাহকক কেঁচা ৰছিদ প্ৰদান কৰি ব্যাপক কৰ ফাঁকিৰে অসাধু চক্ৰই চলাই গৈছে ৰমৰমীয়া বেহা। ইয়াৰ সমান্তৰালভাৱে জনবহুল অঞ্চলত অগ্নিকাণ্ডৰ বাবে লবলগীয়া সতৰ্কতামূলক ব্যৱস্থা অবিহনে জথে-মথে স্থাপন কৰিছে ফটকাৰ গুডাম৷ নগাঁও চহৰৰ হয়বৰগাঁও আৰু বৰবজাৰ অঞ্চলৰ একাংশ অসাধু ব্যৱসায়ীয়ে অধিক মুনাফা অৰ্জনৰ লক্ষ্যৰেই জনবহুল অঞ্চলতে বিপজ্জনকভাৱে চলাই গৈছে এই ৰমৰমীয়া বেহা। এইধৰণৰ নীতি-নিয়ম উলংঘাৰ পাছতো চকু মুদা কুলিৰ ভাৱত নগাঁও জিলা প্ৰশাসন৷ এনে পৰিস্থিতিত বহু লোকৰ মনত প্ৰশ্ন উঠিছে৷ ধনৰ লালসাত অসাধু ব্যৱসায়ীয়ে যি কৰিছে কৰিছে৷ কিন্তু দীপাৱলীৰ সময়তে যদি কিবা অঘটন ঘটে তেতিয়া কি হ’ব৷ তাকে লৈ উদ্বিগ্ন সচেতন মহল৷