Local, Vocal, Global

বৈধ হল যৌন বৃত্তি


নিউজ ডেস্ক, ২৭ মে’- দেহ ব্যৱসায়ক বৃত্তি বুলি উল্লেখ কৰিলে উচ্চতম ন্যায়ালয়ে। প্ৰাপ্তবয়স্কসকলৰ যৌন বৃত্তিক বৈধতা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে।


এতিয়াৰে পৰা যৌন বৃত্তিৰ ক্ষেত্ৰত কোনো অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰিব আৰক্ষীয়ে। এতিয়াৰে পৰা যৌন কৰ্মীৰ বিৰুদ্ধে কণ্ডম প্ৰমাণ হ’ব নোৱাৰে ।


আৰক্ষীয়ে যদি অভিযানো চলায় তেনেহলে যৌন কৰ্মীক গ্ৰেপ্তাৰ বা হাৰাশাস্তি কৰিব নোৱাৰিব। আইনৰ দৃষ্টিত যৌন কৰ্মীসকল মৰ্যদা আৰু সম সুৰক্ষাৰ অধিকাৰী।


আৰক্ষীয়ে সকলো যৌন কৰ্মীক সন্মানৰ সৈতে ব্যৱহাৰ কৰা উচিত আৰু তেওঁলোকক মৌখিক বা শাৰিৰীক ভাৱে উৎপীড়ন নকৰা উচিত বুলি ৰায়দান উচ্চতম ন্যায়ালয়ে।


ন্যায়াধীশ এল নাগেশ্বৰ ৰাও বি আৰ গাভাই আৰু এ এচ ভূপানেৰে গঠিত ৩জনীয়া বিচাৰপিঠে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান।