বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মুল অভিযুক্তক গ্ৰেপ্তাৰ
নিউজ ডেস্ক, ২৭ মে’- বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মুল অভিযুক্তক গ্ৰেপ্তাৰ। ২৬মে’ নিশা বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মুল অভিযুক্ত আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।
দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত ডকাইট আল্লাউদ্দিনক।
দৰংৰ ভিতৰুৱা এলেকাত আত্মগোপন কৰি আছিল বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মাষ্টাৰমাইণ্ড আল্লাউদ্দিনে।
ধূলা থানাৰ অৰ্ন্তগত পানবাৰী এলেকাত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। বটদ্ৰৱাত ঘটনা সংঘটিত কৰাৰ পিছতে অন্তৰ্দ্ধান হৈ পৰিছিল আলাউদ্দিন।
নগাঁও আৰু দৰং আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত ডকাইট আল্লাউদ্দিনক। নিশায়ে নগাঁও আৰক্ষীৰ দলে আল্লাউদ্দিনক চমজি লৈ নগাঁওলৈ লৈ যায় আল্লাউদ্দিনক।
আৰক্ষী চকিত অগ্নিসংযোগ কৰা, আৰক্ষীক আক্ৰমণ কৰা আৰু থানা জলাবলৈ উচটনি দিয়া প্ৰতিটো কাৰ্যতে জড়িত আছিল আল্লাউদ্দিন।