Local, Vocal, Global

২০২২ বৰ্ষৰ বুকাৰ সন্মান লাভ কৰিছে গীতাঞ্জলী শ্ৰীয়ে

নিউজ ডেস্ক, ২৭ মে’- দেশবাসীৰ বাবে সুখবৰ। সাহিত্যৰ অস্কাৰ হিচাপে খ্যাত আন্তৰাষ্ট্ৰীয় বুকাৰ সন্মান লাভ কৰিলে এগৰাকী ভাৰতীয় সাহিত্যিকে।

উপন্যাস ‘Tomb of Sand’ ৰ বাবে ২০২২বৰ্ষৰ বুকাৰ সন্মান লাভ কৰে ভাৰতীয় সাহিত্যিক গীতাঞ্জলী শ্ৰীয়ে।

উত্তৰপ্ৰদেশৰ মেইনপুৰীৰ স্থায়ী নিবাসী গীতাঞ্জলী শ্ৰীয়ে হিন্দী উপন্যাস ‘ৰেট সমাধি’ৰ ইংৰাজী অনুবাদ ‘Tomb of Sand’ ৰ বাবে ২০২২বৰ্ষৰ বুকাৰ সন্মান লাভ কৰিছে।

এই সন্মান লাভ কৰাৰ পাছতে সাহিত্যিক গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এয়া মোৰ বাবে বিৰল প্ৰাপ্তি। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ অনুৰাগীয়েও যেতিয়া মনৰ ভাৱ বুজি পাই ইমান প্ৰশংসাৰে উপচাই পেলায় তাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।

তেওঁ লগতে কয়- মই কেতিয়াবা বুকাৰ সন্মান লাভ কৰিম বুলি সপোন দেখা নাছিলো বা কল্পনাও কৰা নাছিলো। মোৰ বাবে এয়া সপোন সপোন যেন লগা এক অনুভৱ। সকলোলৈ কৃতজ্ঞতা।