Local, Vocal, Global

অৱশেষত কমনৱেল্থ ভিলেজত প্ৰৱেশৰ অনুমতি লাভলীনাৰ প্ৰশিক্ষকক

সোমবাৰে ২৬ জুলাই : টকিঅ’ অলিম্পিকত ব্ৰঞ্জ বিজয়ী বক্সাৰ লভলিনা বৰগোহাঁই তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত টুইট যোগে অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে বাৰে বাৰে তেওঁৰ প্ৰশিক্ষক সলনি কৰাৰ ফলত তেওঁৰ প্ৰস্তুতি বাধাগ্ৰস্ত হৈছে।

আনকি তেওঁৰ দুজন প্ৰশিক্ষকৰ এজনকো কমনৱেলথ ‘ভিলেজ’ত প্ৰৱেশ কৰাৰ অধিকাৰ প্ৰত্যাখ্যান কৰা হৈছিল, আনজনক ভাৰতলৈ ঘূৰাই পঠোৱা হৈছিল।

কমনৱেল্থ খেলৰ বাবে প্ৰস্তুতি চলাই থকা লাভলীনাই তেওঁৰ বিৰুদ্ধে ৰাজনীতি চলিছে বুলি অভিযোগ আনিছিল।এই অভিযোগৰ পিছতেই মঙলবাৰে লভলিনাৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙে  কমনৱেলথ ভিলেজত প্ৰৱেশৰ অনুমতি লাভ কৰে।

লভলিনা বৰগোহাঁইৰ এই প’ষ্টৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত হস্তক্ষেপ কৰি ক্ৰীড়া মন্ত্ৰালয়ৰ লগত আলোচনা কৰিছিল। লগে লগে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ে কমনৱেলথ ফেডাৰেচনৰ সৈতে বিষয়টো আলোচনা কৰাত আজি লভলিনাৰ প্ৰশিক্ষকক কমনৱেলথ ভিলেজত প্ৰৱেশৰ অনুমতি প্ৰদান কৰে।