Local, Vocal, Global

বিদ্যালয় প্ৰাদেশিকীকৰণ সম্পৰ্কত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য

নিউজ ডেক্স,২৬ জুলাই : বিদ্যালয় প্ৰাদেশিকীকৰণ সম্পৰ্কত শিক্ষামন্ত্ৰীৰ মন্তব্য।  প্ৰাদেশিকীকৰণ আইন ২০১৭ ৰ জৰিয়তে বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ হ’ব। যদি কোনো বিদ্যালয় থাকি গৈছে তেন্তে প্ৰাদেশীকৰণ হ’ব। ইতিমধ্যে ৰাজ্য ২৬ হাজাৰ গাঁৱৰ বিপৰীতে ৪৮ হাজাৰ বিদ্যালয় আছে।

বিদ্যালয় একত্ৰীকৰণ সম্পৰ্কত শিক্ষা মন্ত্ৰীয়ে কয়, মাধ্যমিক বিদ্যালয়ত ১০০তকৈ কম ছাত্ৰ–ছাত্ৰী থকা এক হাজাৰ বিদ্যালয় আছে। ছাত্ৰ–ছাত্ৰী নথকা বিদ্যালয় একত্ৰিকৰণ হ’বই। 

ছাত্ৰ–ছাত্ৰী থকা বিদ্যালয়ত একত্ৰীকৰণ নহয়। দূৰত্ব প্ৰসংগিক নহয়। আদর্শ বিদ্যালয়সমূহ চৰকাৰী সন্থাসমূহৰ দ্বাৰা পৰিচালিত হ’ব।

ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয় একত্ৰিকৰণ হ’বই। আদর্শ বিদ্যালয় সমূহ চৰকাৰী সন্থা সমূহৰ দ্বাৰা পৰিচালিত হ’ব। নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ নহয়, স্পষ্ট কৰিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।