Local, Vocal, Global

অৱশেষত উদ্ধাৰ পাগলাদিয়া নদীত নিখোজ হোৱা যুৱকৰ মৃতদেহ

নিউজ ডেক্স,২৬ জুলাই : দেওবাৰে পুৱতি নিশাৰ পৰা পাগলাদিয়া নদীত নিখোজ হোৱা ১৮ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ বোল বম পালন কৰিবলৈ গৈ যুৱকজনে গা ধুবলৈ নৈত নামোতেই সংঘটিত হৈছিল দুৰ্ঘটনাটো।

 আৰিকুছিৰ ১৮ বছৰীয়া মধু দাস নামৰ যুৱকজনে গা ধুবলৈ নৈত নামোতে সংঘটিত হৈছিল দুৰ্ঘটনাটো।

নিখোজ হৈ পৰাৰ পিছৰে পৰা স্থানীয় লোক আৰু SDRF বাহিনীয়ে যুৱকজনক উদ্ধাৰৰ বাবে অভিযান চলাইছিল যদিও বিফল হৈছিল যুৱকজনক উদ্ধাৰ কৰাত। 

ইয়াৰ পিছত আজি পুনৰ SDRF বাহিনীয়ে উদ্ধাৰ চলাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখ্য যে, নলবাৰী জিলাৰ কমাৰকুছিৰ পাগলাদিয়া নৈত বোল বমত আহি নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছিল যুৱকজন।

বৰভাগৰ আৰিকুছি  মধু দাস নামৰ যুৱকজনে পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে কমাৰকুছি দলঙৰ তলত নৈৰ বালিচৰত বোল বোম উপলক্ষে পূজা অৰ্চনা কৰি পাগলাদিয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছিল।

যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ৰ প্ৰেৰণ  কৰে। ১৮ বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।