Local, Vocal, Global

প্ৰাক্তন শ্ৰম মন্ত্ৰী দিলেশ্বৰ তাঁতীৰ মৃত্যু

নিউজ ডেস্ক, ৩ আগষ্ট : বুধবাৰে অসমৰ প্ৰাক্তন শ্ৰম মন্ত্ৰী দিলেশ্বৰ তাঁতী মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

তাঁতীয়ে আজি আবেলি প্ৰায় ২.১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত (GMCH) শেষ নিশ্বাস ত্যাগ কৰে।

ৰক্তক্ষৰণৰ (blood hemorrhage) ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক যোৱা মাহত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

তাঁতী ১৯৯১ চনত হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ শ্ৰম মন্ত্ৰী আৰু ১৯৭৮ চনৰ পৰা ২০০৬ চনলৈ ডুমডুমা বিধান সভা সমষ্টিৰ (LAC) বিধায়ক আছিল।