কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত হ’ব উপ নিৰ্বাচন
৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত উপ নিৰ্বাচন। তাৰ বাবে সাজু হৈছে নিৰ্বাচনী আয়োগ। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা।
- নিৰ্বাচন পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত।
- কঠোৰ ক’ভিড-১৯ প্ৰটোকলৰ জৰিয়তে অনুষ্ঠিত হ’ব নিৰ্বাচন।
- মনোনয়ন দাখিলৰ সময়তশোভাযাত্ৰা নিষিদ্ধ।
- ৰোড শ্ব’, বাইক-চাইকেল ৰেলী নিষিদ্ধ।
- মাত্ৰ ৫ জন ব্যক্তিয়েহে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব।
- ভোটদানৰ ৭২ ঘণ্টা পূৰ্বে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ।
- ভোটাৰসকলে মাস্ক পিন্ধি ভোটকেন্দ্ৰলৈ আহিব লাগিব
- সন্ধিয়া ৭ বজাৰ পৰা পুৱা ১০ বজালৈ কঠোৰভাৱে নিষিদ্ধ প্ৰচাৰ।
- ১০০০ তকৈ অধিক ভোটাৰ থকা ভোটকেন্দ্ৰত অতিৰিক্ত কেন্দ্ৰ স্থাপন কৰিব লাগিব।