হ্ৰাস পাইছে প্ৰাপ্তবয়স্ক ভাৰতীয় পুৰুষ-মহিলাৰ গড় উচ্চতা
ভাৰতীয়সকলৰ শাৰীৰি দৈৰ্ঘ বৃদ্ধি হোৱাৰ পৰিৱৰ্তে হ্ৰাস হৈছে। ১৯৯৮ চনৰ পৰা ২০১৫ চনলৈ ভাৰতত প্ৰাপ্তবয়স্কৰ উচ্চতাৰ প্ৰৱণতা শীৰ্ষক এক অধ্যয়নত এই বিষয়ে সবিশেষ প্ৰকাশ পাইছে। এই অধ্যয়নত কোৱা হৈছে ১৯৯৮-৯৯ ত প্ৰাপ্ত বয়স্ক লোকৰ উচ্চত বৃদ্ধি হোৱাৰ পিছত ২০০৫-০৬ চনৰ পৰা ২০১৫-১৬ চনলৈ প্ৰাপ্তবয়স্ক লোকৰ গড় উচ্চতা হ্ৰাস যথেষ্ট হ্ৰাস পাইছে।
এই অধ্যয়নত প্ৰকাশ পোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দৰিদ্ৰ মহিলাসকলৰ লগতে জনজাতীয় মহিলাসকলৰ গড় উচ্চতা হ্ৰাস পাইছে। ভাৰতত এইদৰে মানুহৰ গড় উচ্চতা হ্ৰাস হোৱাৰ এই প্ৰৱণতা বিশ্বৰ অন্যান্য দেশৰ তুলনাত একেবাৰে বিপৰীত। কিয়নো পূৰ্বৰ বহুতো অধ্যয়নে দেখুৱাইছে যে বিশ্বব্যাপী প্ৰাপ্তবয়স্কসকলৰ গড় উচ্চতা বৃদ্ধি পাইছে। চিন্তাৰ বিষয়টো হ’ল যে ভাৰতীয়সকলৰ উচ্চতা হ্ৰাস হোৱাৰ আঁৰত অনা-আনুবংশিক কাৰক আছে। ইয়াৰ ভিতৰত আছে মানুহৰ জীৱনশৈলী, পুষ্টি, সামাজিক আৰু অৰ্থনৈতিক কাৰক ইত্যাদি। অধ্যয়নটোৰ লেখকসকলে সমগ্ৰ ভাৰতত প্ৰাপ্তবয়স্কসকলৰ গড় উচ্চতাৰ বিভিন্ন প্ৰৱণতা অধ্যয়ন কৰিছে আৰু ফলাফলবোৰে ১৫ বছৰৰ পৰা ২৫ বছৰৰ বয়সৰ মহিলা আৰু পুৰুষৰ গড় উচ্চতা হ্ৰাস পোৱাৰ স্পষ্ট প্ৰমাণ দিছে। মহিলাৰ ক্ষেত্ৰত, গড় উচ্চতা প্ৰায় ০.৪২ চেমি হ্ৰাস হৈছে। এই বয়সৰ ভাৰতীয় পুৰুষৰ গড় উচ্চতা ১.১০ চেমি হ্ৰাস পাইছে।
ভাৰতত প্ৰাপ্তবয়স্কসকলৰ গড় উচ্চতা হ্ৰাস হোৱাত প্ৰভাৱিত কৰা কাৰকবোৰৰ বিষয়ে আলোকপাত কৰি অধ্যয়ন লেখকসকলে কৈছে যে সাধাৰণতে কোৱা হয়, আনুবংশিক কাৰকে চূড়ান্ত উচ্চতাৰ ৬০%-৮০% নিৰ্ধাৰণ কৰে, আনহাতে বাকী পৰিৱেশ আৰু সামাজিক কাৰকবোৰেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।