Local, Vocal, Global

শান্তিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰিত হ’ব BTR

বিটিআৰ শান্তিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰ হ’ব৷ উন্নয়ন আৰু প্রগতিৰ এক নতুন ইতিহাস ৰচনা হ’ব৷ –এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মঙলবাৰে গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ইউপিপিএল তথা বিজেপি মিত্রজোঁটৰ গোসাঁইগাঁও সমষ্টিৰ প্রার্থী জিৰণ বসুমতাৰীৰ হৈ নির্বাচনী প্রচাৰ সভা এখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বড়োভূমিত প্রমোদ বড়োৰ নেতৃত্বত বিজেপি, ইউপিপিএল মিত্রজোঁটৰ চৰকাৰে শান্তি প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছে৷ বিটিআৰ যদি ৫টা বছৰ শান্তিত থাকে, অসমৰ ভিতৰতে বিটিআৰৰ সমান উন্নত ঠাই কোনো হ’ব নোৱাৰে৷ বিজেপি আৰু ইউপিপিএলৰ চৰকাৰে বিটিআৰত স্থায়ী শান্তি স্থাপন কৰিব৷

বিটিআৰলৈ অহা শান্তি ঘৰলৈ অহা এগৰাকী বোৱাৰীৰ সৈতে তুলনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিটিআৰৰ শান্তি একেবাৰে বোৱাৰী হৈ আহিছে৷ এই বোৱাৰী ওলাই যাব নোৱাৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই বিটিআৰৰ স্থায়ী বাসিন্দাসকলৰ মাটিৰ সমস্যা সমাধান হ’ব বুলি উল্লেখ কৰাৰ লগতে প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ আবণ্টনৰ নামত কোনোবাই ধন বিচাৰিলে মাটিৰ দালালৰ দৰে জে’ললৈ পঠিওৱা হ’ব বুলিও হুংকাৰ দিয়ে৷ অহা এটা বছৰত এক লাখ নিবনুৱাক এটকাও নিদিয়াকৈ চৰকাৰী চাকৰিত সংস্থাপন কৰা হ’ব বুলি উল্লেখ কৰে৷