Local, Vocal, Global

অনুপ্রৱেশ প্রতিৰোধৰ বাবে লাডাখ সীমান্ত পৰিদর্শন নাৰাৱানেৰ

0 8

জম্মু–কাশ্মীৰক অশান্ত কৰাৰ পাকিস্তানৰ আইএছআইৰ ষড়যন্ত্র ফাদিল হৈছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোত নির্বাচিত সংখ্যালঘুক হত্যা কৰাৰ লগতে পাকিস্তানী আইএছআয়ে নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ জৰিয়তে পৰিস্থিতি অশান্ত কৰাৰ ২২ দফীয়া ব্লুপ্রিণ্ট পোহৰলৈ আহিছে৷ পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ জৰিয়তে জম্মু–কাশ্মীৰত নিৰীহ লোকৰ বিভিন্ন লক্ষ্য লৈ ২২ দফীয়া আক্রমণৰ ব্লুপ্রিণ্ট প্রস্তুত কৰি এই ব্লুপ্রিণ্ট কার্যকৰী কৰাৰ অভিযান অব্যাহত ৰাখিছে আইএছআয়ে৷ ২২ দফীয়া ব্লুপ্রিণ্ট অনুসৰি কাশ্মীৰ উপত্যকাত থকা সকলো অকাশ্মীৰী তথা বহিৰাগত লোকক আক্রমণ কৰা হ’ব৷

দীর্ঘদিন থকাৰ বাবে উপত্যকাটোলৈ অহা চৰকাৰী বিষয়াৰ লগতে বহিৰাগতক সন্ত্রাসবাদীয়ে আক্রমণ চলাব৷ ১৯৯০ চনৰ প্রাৰম্ভতে কাশ্মীৰ এৰি যোৱা কাশ্মীৰী পণ্ডিতসকল পুনৰ উভতি আহিলে তেওঁলোকৰ ওপৰত ভয়াৱহ আক্রমণ চলোৱা হ’ব৷ চৰকাৰত কর্মৰত কিম্বা বিভিন্ন কাৰণত উপত্যকাটোত বসবাস কৰা অকাশ্মীৰী লোকক আক্রমণৰ লক্ষ্য হিচাপে লোৱা হ’ব৷ জম্মু–কাশ্মীৰ আৰক্ষীৰ জোৱানৰ প্রতিটো পৰিয়াল, বিশেষকৈ কাশ্মীৰ সংগ্রামৰ বিৰুদ্ধে অভিযান চলোৱা আৰক্ষীৰ বিৰুদ্ধে আক্রমণ চলোৱা হ’ব৷ চৰকাৰৰ সম্পত্তি, উন্নয়নমূলক প্রকল্প, দলং–বিদ্যালয়–মহা আৰু ক্রীড়া আন্তঃগাঁথনিত আক্রমণ চলোৱা হ’ব৷

পাকিস্তানৰ পৰা এলএচিৰে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰি সন্ত্রাসবাদীয়ে আক্রমণ জম্মু–কাশ্মীৰত বৃদ্ধি কৰাৰ পিছতেই আজি এই অনুপ্রৱেশবিৰোধী অভিযানৰ বুজ ল’বলৈ ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানে লাডাখৰ সীমান্তত উপস্থিত হয়৷ কাশ্মীৰৰ পৰিস্থিতিৰ লগতে সীমান্তৰ পৰিস্থিতি সন্দর্ভত সেনাৰ মুৰব্বী জেনেৰেলে উচ্চ পর্যায়ৰ সেনা বিষয়াৰ সৈতে আলোচনা কৰে৷ ইপিনে, অহা ২৩–২৪ অক্টোবৰত জম্মু–কাশ্মীৰলৈ যাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰ কৰি জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তনেৰে জম্মু–কাশ্মীৰ আৰু লাডাখ দুটা কেন্দ্রীয়শাসিত অঞ্চল গঠন কৰাৰ পিছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রথমবাৰলৈ জম্মু–কাশ্মীৰ ভ্রমণ কৰিব৷ এই ভ্রমণৰ সময়ছোৱাত গৃহমন্ত্রী শ্বাহে জম্মু–কাশ্মীৰৰ উপ–ৰাজ্যপাল মনোজ সিন্হা আৰু কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ বিষয়াৰ সৈতে মিলিত হ’ব ৷

Leave A Reply

Your email address will not be published.