Local, Vocal, Global

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ সোমবাৰে কোকৰাঝাৰত বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ উদ্ধাৰ(siezed)। ভাৰত-ভূটান সীমান্তৰ উল্টাপানীত আৰক্ষীৰ অভিযানত বৃহৎ মাৰাণাস্ত্ৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে দুটা পৃথক পৃথক অভিযানত উদ্ধাৰ কৰে এই মাৰাণাস্ত্ৰখিনি(weapons)। এটা অভিযানৰ নেতৃত্ব দিছিল আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে আৰু আনটো অভিযানৰ নেতৃত্ব দিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানছাৰে।

বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিঞ্চই কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সকলো তথ্য সদৰী কৰে।

এই উদ্ধাৰ অভিযানত ৪টা এ কে ৪৭ ৰাইফল, এটা এম ১৬ ৰাইফল, এটা স্নিফাৰ ৰাইফল, বেয়নেটৰ সতে এটা চেৰ্লী ৰাইফল, ৪টা মেগজিন আৰু ১৬০ জাই সজীৱ গুলী।

উদ্ধাৰকৃত আগ্নেয়াস্ত্ৰখিনি প্ৰাক্তন এন এল এফ বিৰ(NLFB) পৰা ফালৰি কাটি যোৱা তথা নতুনকৈ খোলা সংগঠনৰ বুলি সন্দেহ কৰা হৈছে।