চাঞ্চল্য ! মহানগৰীত পুনৰ এক হত্যাকাণ্ড

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাত কেইবাটাও হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। সোমবাৰে পুৱা মহানগৰীত দুটাকৈ হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বামুনিমৈদামৰ ৰে’লৱে কলনিৰ দুৰ্বৃত্তই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় কাজল চন্দ্ৰ দাস নামৰ লোকজনক ৷
আনহাতে, এই ঘটনাৰ কিছু সময়ৰ পিছতেই মহানগৰীৰ গান্ধীবস্তিত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। পথৰ কাষৰ নলাৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো। মৃতদেহটো হামিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
এই ঘটনাৰ সন্দৰ্ভত চান্দমাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৃত হামিদুল কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। স্থানীয় একাংশ লোকে জনোৱা মতে, দেওবাৰে বিয়লি হামিদুলক প্ৰত্যক্ষ কৰিছিল একাংশ লোকে।
আৰক্ষীয়ে নিশাৰ ভাগত লোকজন নলাত পৰি যোৱাৰ ফলত মৃত্যুক সাৱটি লবলগীয়া হ’ল বুলি সন্দেহ কৰে। নিশা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ উভতি যোৱাৰ সময়তে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হল বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে। আনহাতে যুৱকজনৰ গাত কোনো ধৰণৰ আঘাতৰ চিন দেখিবলৈ পোৱা নাই।