মাংস খোৱাক লৈ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দুটা ফৈদৰ মাজত সংঘৰ্ষ

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ৰাম নৱমীৰ সময়ত বিশ্ববিদ্যালয়ৰ কাবেৰী হোষ্টেলৰ কেণ্টিনত আমিষ খাদ্য দিয়াক লৈ ছাত্ৰ-ছাত্ৰীৰ দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।
জৱাহৰলাল নেহৰু ছাত্ৰ সন্থাৰ সভাপতি আইশে ঘোষে অভিযোগ কৰে যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)ৰ সদস্যসকলে হুলস্থূল পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু কুকুৰা ৰন্ধাৰ বাবে কাবেৰী হোষ্টেলৰ মেছৰ সদস্যসকলক আক্ৰমণ কৰে।
অন্যহাতে এবিভিপিয়ে দাবী কৰে যে বাওঁপন্থী সংগঠন সমূহৰ সদস্যসকলে তেওঁলোকক হোষ্টেলত পূজা অনুষ্ঠিত কৰাত বাধা দিবলৈ চেষ্টা কৰে।
তাৰ পাছতেই দুয়ো পক্ষই ইজনে সিজনক শিল নিক্ষেপ কৰে যত দুয়ো পক্ষৰ ছাত্ৰ-ছাত্ৰী আহত হয়।দাবীসমূহৰ বিৰোধিতা কৰি এবিভিপিয়ে কয় যে ৰাম নৱমী উপলক্ষে আয়োজিত এক প্ৰাৰ্থনা অনুষ্ঠানত বাওঁপন্থী ছাত্ৰ সংগঠনসমূহে শ্ল’গান দি ব্যাঘাত কৰে।
এই ঘটনাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।