Local, Vocal, Global

নগাঁৱত উৎসাত বৃহৎ পৰিমাণৰ জালনোটৰ ব্যৱসায়

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ শুকুৰবাৰে নগাঁৱত বৃহৎ জালনোট উদ্ধাৰ কৰা হয়।নগাঁও আৰক্ষীৰ অভিযানত নগাঁৱৰ হয়বৰগাঁৱৰ এটা ভাড়াঘৰৰ চিলিঙৰ পৰা জব্দ হয় লাখ লাখ টকা।

পিছে জব্দকৃত নোটসমূহ আছিল জালনোট। প্ৰকৃততে  নগাঁও আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা লখিমপুৰৰ পৰা আহি নগাঁৱত জাল নোটৰ বেহা চলোৱা এটা বৃহৎ চক্ৰ উৎখাত হয় ৷

বৃহৎ পৰিমাণৰ জালনোট সহ আতিকুৰ ৰহমান নামৰ লখিমপুৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে জাল নোট ব্যৱসায়ী চক্ৰটোত জড়িত আন কেইবাজনো লোকে ৷

লখিমপুৰৰ এই দুষ্ট চক্ৰটোৱে নগাঁও হয়বৰগাঁৱৰ ভাড়াঘৰত থাকি চলাই আছিল জাল নোটৰ ব্যৱসায় ৷ শুকুৰবাৰে নগাঁৱৰ বৰঘাট বাইপাছত জাল নোট সৰবৰাহৰ পৰিকল্পনা কৰোতেই আৰক্ষীয়ে গোপনসুত্ৰৰ পৰা পোৱা খৱৰৰ ভিত্তিত অভিযান চলাই উৎখাত কৰে দুষ্ট চক্ৰটোক।

এই অভিযানত আৰক্ষীয়ে জাল নোট তৈয়াৰ কৰা এটা মেচিন আৰু জাল নোট ব্যৱসায়ী চক্ৰটোয়ে ব্যৱহাৰ কৰা AS 07G 2579 নম্বৰৰ এখন বলেৰ’ গাড়ী জব্দ কৰে l