Local, Vocal, Global

প্ৰতিজন পথচাৰীক আকৰ্ষণ কৰা এখন বিশেষ ফুলনি বাগিছা

লংকাৰ কাষেৰে পাৰ হৈ যোৱা লামডিং সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইদাৰত থকা এখন ফুলনিয়ে সততে আৰ্কষিত কৰি আহিছে সকলো যাত্ৰীক ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত গঢ়ি তুলিছে এখন ফুলনি বাগিছা। ৰঙা-নীলা বিভিন্ন ফুল ফুলি থকা এই বাগিছাখন প্ৰায় হাজাৰ মিটাৰ দূৰত্ব সামৰি গঢ়ি তুলিছে , লংকাৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে ৷ জয় বাবু সিংহ নামৰ শিক্ষক জনৰ ঘৰ লংকাৰ পিপলপুখুৰীত ৷ সেউজীয়া পৰিবেশ  ভালপোৱা জয় বাবু সিংহই  ২০১৭ চনতে আৰম্ভ কৰিছিল এই ফুলনিখন কাম৷ ৰাস্তাৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছত ডিভাইদাৰত পাৰ্থেনিয়াম নামৰ এবিধ বিষাক্ত গছৰ পুলি ৰোপন কৰিছিল ৷ জয়বাবু সিংহই এই পাৰ্থেনিয়াম বিষাক্ত গছৰ ভয়াবহতাৰ উমান পায় সেইসমূহ গছ উঠাই বৰ্তমানৰ এই পৰিবৱেশৰ সূচনা কৰিলে ৷ সততে সেউজীয়া পৰিবৱেশে আকৰ্ষিত কৰি ৰখা শিক্ষকজনে নিজৰ পেঞ্চনৰ টকাকেইটাৰে পৰিয়াল পোহপাল দিয়াৰ উপৰিও ফুলনি বাগিছাখনৰ প্ৰয়োজনত বৰ্তমানলৈ ২ লাখ ৫০ হাজাৰ টকা খৰছ কৰিছে ৷ বাগিছাখন আৰম্ভ কৰাৰ মূহূৰ্তৰ পৰাই  বহু প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল যদিও, হতাশ নহৈ  জয় বাবুয়ে অধিক উদ্যমেৰে কাম কৰি গৈ প্ৰশংসা বুটলিবলৈ সক্ষম হল ৷ জয় বাবু সিংহৰ এই পদক্ষেপত ৰাষ্ট্ৰীয় ঘাইপথৰে আহা যোৱা যাত্ৰীসকলক আকৰ্ষিত কৰি আহিছে আৰু অঞ্চলবাসীয়ে যেতিয়াই এই বাগিছাখনক আকোঁৱালি লব সেইদিনাই অৱসৰপ্ৰাপ্ত শিক্ষক জনৰ কষ্ট সফল ৰূপ পাব ৷