Local, Vocal, Global

মুনিলাল,মতিলাল,হীৰালাল আৰু নন্দলাল চৌহানৰ অবৈধ দখল

লংকাত ভূমিকেন্দ্ৰীক সংঘাত।দুই মহিলাক মাৰপিত।সংকটজনক অৱস্থাত যুঁজিচে মৃত্যুৰে।আৰক্ষীৰ সন্দেহজনক ভূমিকাৰ অভিযোগ।

দীৰ্ঘদিনীয়া এক ভূমি বিবাদক কেন্দ্ৰ কৰি লংকাত বিবাদী পক্ষৰ আক্ৰমণত গুৰতৰভাৱে আহত হয় মহিলাসহ এগৰাকী ১২বছৰীয়া ছোৱালী।ইয়াৰে আহত মহিলাগৰাকী বৰ্তমান সংকটজনক অৱস্থাত যুঁজিচে মৃত্যুৰে।

লংকাৰ শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বৰপুখুৰী গাঁওৰ ভাগীৰথী দেৱী নামৰ মহিলাগৰাকীৰ ভূমিত অবৈধ দখল কৰি খেতি লগাবলৈ গৈছিল মুনিলাল,মতিলাল,হীৰালাল আৰু নন্দলাল চৌহান নামৰ লোককেইজনে।ইয়াত বাধাদান কৰিবলৈ গৈছিল ভাগীৰথী দেৱীৰ বোৱাৰী সহ এগৰাকী কন্যা।

সেইসময়তে, উক্ত চাৰি অভিযুক্তই দা-লাঠিৰে আক্ৰমণ কৰি আহত কৰে ভাগীৰথী দেৱীৰ বোৱাৰী-কন্যাক।ইপিনে,ঘটনা সন্দৰ্ভত ভাগীৰথী দেৱীয়ে শংকৰদেৱ নগৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিচে যদিও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিচে।