Local, Vocal, Global

চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈছে অখিল গগৈ

লখিমপুৰ জিলাৰ ধলপুৰত অখিল গগৈকে ধৰি কা আন্দোলনৰ কাৰাবন্দীৰ মুক্তিৰ দাবীত একাধিক দল-সংগঠনৰ মানৱ শৃংখলৰে প্ৰতিবাদ । অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোনোৱাল আৰু জে এন ইউৰ ছাত্ৰী দেবাংগনা কলিতাৰ মুক্তিৰ দাবীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই । অখিল গগৈসহ সতীৰ্থ সকলক মুক্তি দিয়ক,বিজেপি চৰকাৰ হুচিয়াৰ,সৰ্বানন্দ সোণোৱাল গ’বেক ধ্বনিৰে উত্তাল পৰিবেশ সৃষ্টি কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি,সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন,সচেতন উন্নয়ন মঞ্চ আৰু আটাছুৰ অৰ্ধ শতাধিক সদস্যই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অখিল গগৈ ক’ভিড-১৯ আক্ৰান্তক ষড়যন্ত্ৰ আখ্যা প্ৰতিবাদকাৰীৰ ৷