Local, Vocal, Global

কৃষক নেতাৰ মুক্তিৰ দাবীত তেজপুৰত প্ৰতিবাদ

কা আন্দোলনৰ নেতা অখিল গগৈকে ধৰি আন্দোলনৰ নেতাৰ মুক্তিৰ দাবীত তেজপুৰত  ‘কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত বিভিন্ন দল সংগঠনে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত কৃষক-শ্ৰমিক নেতা চিত্ৰ গগৈ , জেষ্ঠ সাংবাদিক পংকজ কুমাৰ নাথ , অসম জাতীয়তাবাদী যুব সন্মিলনৰ নেতা ৰাজীব দাসে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অখিল গগৈৰ লগতে কাৰাবন্দী নেতা সকলক মুক্তিৰ দাবী জনাই ।