Local, Vocal, Global

কিশোৰ চালকৰ বাবে মৃত্যুক সাৱটিলে এটি কণমানিয়ে

লখিমপুৰত শোকাৱহ ঘটনা। লখিমপুৰ জিলাৰ ২নং কৰুণাবাৰীত সংঘটিত হ’ল এই শোকাৱহ ঘটনা। লখিমপুৰত চালকৰ আসনত বহিল কিশোৰ। সামগ্ৰী অনা এখন টাটা এচি বাহনখন চলাই আহিছিল ১৪ বছৰীয়া কিশোৰজনে। কিন্তু তেনে অৱস্থাতে ৰাজপথত সময়নীয়াৰ সৈতে খেলি থকা ছাদিয়া বেগম নামৰ ৮ বছৰীয়া শিশুটি দৌৰিছিল গাড়ীখনৰ পিছে পিছে। দুৰ্ভাগ্যবশতঃভাৱে পথত থকা এটা পুলত উঠাব নোৱাৰি পিচলৈ গতি কৰিছিল গাড়ীখন আৰু বোজাই কৰি অনা গাড়ীৰ তলত সোমাই পৰিল পিছে-পিছে দৌৰি অহা ছাদিয়া। চকুৰ পচাৰতে তেজেৰে লুটুৰি-পুতুৰি হৈ পৰিল কণমানি ছাদিয়া। ততাতৈয়াকৈ ছাদিয়াক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ঘটনাস্থলীতে কৰুণ মৃত্যক সাৱটিলে ছাদিয়াই। অভিযোগ অনুসৰি গাড়ীচালকৰ ভুলৰ বাবে মৃত্যক আকোঁৱালি ল’লে ছাদিয়াই।