Local, Vocal, Global

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত খটখটি আৰক্ষীৰ সফল অভিযান

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত খটখটি আৰক্ষীৰ সফল অভিযান। খটখটি আৰক্ষীয়ে এটা ট্ৰাক পাৰ্কিংত অভিযান চলাই এজন ব্যক্তিৰ পৰা জব্দ কৰে ৪৫ গ্ৰাম ব্ৰাউন ছুগাৰ। ধৃত ব্যক্তিজন মণিপুৰৰ ৰাকেশ ছেত্ৰী বুলি জানিব পৰা গৈছে। উক্ত ব্ৰাউন ছুগাৰখিনি মণিপুৰৰ পৰা আনি খটখটিত কোনো লোকক বিক্ৰী কৰাৰ কথা আছিল। আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা। আৰক্ষীয়ে ৰাকেশ ছেত্ৰীক আটক কৰি অব্যাহত ৰাখিছে তদন্ত।