Local, Vocal, Global

লাহোৱালৰ ডিকম বাইপাচত ভয়ংকৰ দুৰ্ঘটনা

ডিজিটেল ডেস্ক:- লাহোৱালৰ ডিকম বাইপাচত ভয়ংকৰ দুৰ্ঘটনা। চুইফট ডিজাইয়াৰে মহটিয়াই নিলে ৩গৰাকী চাহ শ্ৰমিকক। থিতাতে নিহত দুগৰাকী মহিলা। চিকিৎসাধীন অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে আন এগৰাকী চাহ শ্ৰমিকৰ। নিহত ক্ৰমে মীনা বেদিয়া, ৰীতা বেদিয়া, সুনীতা ভত্তা।

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালকে। দুৰ্ঘটনাস্থলীত ৰাইজে উত্তেজিত হৈ বাইপাচ অৱৰোধ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AS06 Z 3501ইপিনে উত্তেজিত ৰাইজে আৰক্ষীৰ গাড়ী জ্বলাই দিয়ে আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলি চলাবলৈ বাধ্য হয়।