Local, Vocal, Global

বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ডিজিটেল ডেস্ক:- বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। মাটি-বাৰী নামজাৰিক ঘটনাক কেন্দ্ৰ কৰি লাট মণ্ডলক শাৰীৰিক অপদস্থ একাংশৰ। একাংশ উত্তেজিত লোকে ১২ নম্বৰ লাট মণ্ডল নজৰুল ইছলামক শাৰীৰিক অপদস্থ কৰে একাংশ উদণ্ড লোকে। নায়েৰ আলগা অঞ্চলত মাটি-বাৰীৰ নামজাৰিত দুৰ্নীতি কৰাৰ অভিযোগ লাট মণ্ডলজনৰ বিৰুদ্ধে সৰৱ হৈ পৰে স্থানীয় ৰাইজ। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। লাট মণ্ডলজনক প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে চাৰিওজনকে।